ওদালগুৰিঃ “কংগ্ৰেছ এতিয়া ডেমেজ হোৱা পাৰ্টী। আগৰ কংগ্ৰেছ আৰু এতিয়া মজবুত হৈ থকা নাই। লোকসভা নিৰ্বাচনত মঙ্গলদৈত পদুম ফুলিব আৰু ২০২০ চনত বিটিএডিত নাঙল চলিব। মঙ্গলদৈত কংগ্ৰেছৰ একো নাই, ইউপিপিএলৰ প্ৰাৰ্থী প্ৰদীপ দৈমাৰীৰো কাম নাই।”- এই ভাষ্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ।
আজি ওদালগুৰিৰ হৰপুৰস্থিত উপেন্দ্ৰনাথ ব্ৰহ্ম স্মৃতি উদ্যানত ৬৯ নং ওদালগুৰি সমষ্টি নিৰ্বাচন পৰিচালনা সমিতিৰ উদ্যোগত কেইবাসহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এক প্ৰচাৰ সভা অনুষ্ঠিত হৈ যায়। ৮ নং মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি, অগপ আৰু বিপিএফ মিত্ৰজোটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কংগ্ৰেছ তথা ইউপিপিএলক কঠোৰ ভাষাৰে সমালোচনা কৰে।