কাজিৰঙাৰপৰা পলিমা চেতিয়া বসুমতাৰীঃ বোকাখাতৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে। বোকাখাত ৰাজহুৱা খেলপথাৰত আয়োজন কৰা নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ৰাহুল গান্ধী, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, গোলাঘাট জিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী অজন্তা নেওগ, চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিধায়ক নুৰুল হুদা, প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈ, বিধায়িকা ৰোজলিনা তিৰ্কী, প্ৰাক্তন বিধায়িকা আৰতি কছাৰীৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিষয়ববীয়াসকল।
ৰাহুল গান্ধীয়ে ভাষণত কয় নৰেন্দ্ৰ মোডীয়ে যোৱাটো নিৰ্বাচনত বহুতো প্ৰতিশ্ৰুতি দিছিল। কিন্তু কোনো এটা প্ৰতিশ্ৰুতিয়ে তেওঁ পূৰণ নকৰিলে। প্ৰতিজন ব্যক্তিৰ একাউণ্টতে পোন্ধৰ লাখকৈ টকা সোমাব বুলি কৈছিল। কিন্তু সৰ্বসাধাৰণ জনতাৰ একাউণ্টৰ সলনি সোমালগৈ অনিল আম্বানীৰ পকেটত।