নগাঁওঃ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ দিন চমু চাপি অহাৰ লগে লগে ১০ নং নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। সমষ্টিটোৰ অগপ, বিজেপিৰ মিত্রজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মাই সমষ্টিৰ বিভিন্ন স্থানত প্ৰচাৰ কাৰ্য অব্যাহত ৰখা পৰিলক্ষিত হৈছে।
বৃহস্পতিবাৰে ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰণথলি পঞ্চায়তৰ কটহগুৰি নাট্যমন্দিৰ, দীঘলদৰি পঞ্চায়তৰ বৰনামঘৰ প্ৰাংগন, দক্ষিণ জাগিয়াল পঞ্চায়তৰ উত্তৰ পেটবঢ়া, শালমৰা পঞ্চায়তৰ শেতালী আৰু ফুলগুৰি পঞ্চয়তৰ বজাৰ গৃহকে ধৰি কেইবাটাও স্থানত অনুষ্ঠিত নিৰ্বাচনী সভাত প্ৰাৰ্থী গৰাকীয়ে অংশগ্ৰহণ কৰে।