Home ৰাজনীতিমে’ মাহৰ পাছত মোডী ‘মেডিচিন’ৰ ম্যাদ উকলিব

মে’ মাহৰ পাছত মোডী ‘মেডিচিন’ৰ ম্যাদ উকলিব

by News Desk
A+A-
Reset
tgo

ধুপগুৰি খেলপথাৰৰপৰা জয়ন্ত মুদৈ, ৰাহুল দেৱ বৰদলৈঃ ”মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰে সম্প্ৰীতি আৰু ভাতৃত্বৰে কংগ্ৰেছ দল সদায় আগুৱাই যাব বিচাৰে৷ কিন্তু ইয়াৰ বিপৰীতে বিজেপিয়ে হিন্দু ৰাষ্ট্ৰ বিচাৰে৷ তেওঁলোকে কয় হিন্দুসকল প্ৰথম শ্ৰেণীৰ নাগৰিক৷ কংগ্ৰেছৰ বাবে সকলোয়েই প্ৰথম শ্ৰেণীৰ নাগৰিক৷ কংগ্ৰেছে হিন্দু-মুছলমান সকলোৰে সমান অধিকাৰ বিচাৰে৷’’ এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ৷

কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বটদ্ৰৱাৰ ধূপগুৰিৰ ফকৰুদ্দিন আলি আহমেদ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৃহস্পতিবাৰে অনুষ্ঠিত সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয় যে বিজেপিয়ে অপপ্ৰচাৰ চলাই আহিছে যে গৌৰৱ গগৈ বাংলাদেশী মুছলমানৰ ভোটত জিকিব৷ কিন্তু আমাক বাংলাদেশীৰ ভোট নালাগে৷ যি সকলে অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰিছে, যিজনে গুৰুজনাৰ আদৰ্শ লৈছে আমি তেওঁলোকৰহে ভোট ল’ম৷ অসমীয়া ভাষা-কলা-সংস্কৃতি জীয়াই ৰাখিবলৈ হ’লে গৌৰৱ গগৈক জিকাবই লাগিব৷ বিজেপি কেন্দ্ৰত থাকোতে অসমত গুপ্তহত্যা হৈছিল বুলি বিস্ফোৰক অভিযোগ তুলি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে লগতে কয়, মই মুখ্যমন্ত্ৰী থাকোতেও কেন্দ্ৰৰ বিজেপি চৰকাৰখনে এনে নিকৃষ্ট কাৰ্যৰ বাবে হেঁচা দিছিল৷ কিন্তু মই এনে হ’বলৈ নিদিলোঁ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0