ডিজিটেল ডেস্কঃ কটপ্পাক কোনে মাৰিলে সেয়া নিজে চিনেমাখন নাচালেও বন্ধুৰ মুখে শুনিও ক্ষান্ত হ’ব পৰা নাই কোনো। নিজ চকুৰে সেয়া চোৱাৰ বাবে উৎসুকতা দমাব নোৱাৰা চলচিত্ৰপ্ৰেমীৰ সেয়ে ভিৰ অব্যাহত আছে ছবিগৃহত।
সেয়ে এতিয়াও টিকট পোৱাটো মস্কিল হৈ পৰিছে বাহুবলী ২ৰ। এসপ্তাহ পাৰ হৈ যোৱাৰ পিছতো হাউছফুল হৈ থকা বাহুবলী ২ খন চাবৰ বাবে দৰ্শকে টিকট বিচাৰি নাপাই হাবাথুৰি খাইছে। অভিলেখ হাৰত বিক্ৰী হৈছে টিকট। ব্লেকত ৫০০-১০০০ পৰ্যন্ত টকাত বিক্ৰী হৈছে বাহুবলীৰ টিকট।