58
নতুন দিল্লীঃ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে পুনেত আয়োজিত এক অনুষ্ঠানত কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাল পায় কিন্তু প্ৰধানমন্ত্ৰী মোডীয়ে ইয়াৰ প্ৰত্যুত্তৰত তেওঁক ভাল নাপায়৷
ৰাহুলে লগতে কয়, ‘মই সৰুকালৰে পৰা বহুত হিংসা দেখিছোঁ৷ মোৰ আইতাক হত্যা কৰা হৈছিল… মোৰ দেউতাকো হত্যা কৰা হৈছিল৷ এই হিংসাৰপৰা কোনোৱে লাভৱান নহয়৷’