হেমন্ত কলিতা, নলবাৰীঃ সমাগত লোকসভা নিৰ্বাচনক লৈ ৰাজ্যজুৰি নিৰ্বাচনকেন্দ্ৰিক গৰম বতাহ বলিলেও এতিয়ালৈকে ৮ নং মংগলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীত নাই কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীৰে প্ৰচাৰৰ চমক৷
জয়-পৰাজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলেও সাংসদ উন্নয়ন পুঁজিৰপৰা আজোকপতি বঞ্চিত হৈ আহিছে সমষ্টিৰ ৰাইজ৷ লোকসভা সমষ্টিটোৰ একেবাৰে সীমাত অৱস্থিত নলবাৰীৰ প্ৰতি সদায় সাংসদসকলে বিগত সময়ত মাহীআইৰ দৃষ্টি নিক্ষেপ কৰি আহিছে৷ সাংসদৰ উন্নয়ন পুঁজিৰ চাৰি শতাংশ ধনো খৰচ নকৰা সমষ্টিটোত সাংসদসকলৰ ভূমিকাত ক্ষুব্ধ নলবাৰীবাসী ৰাইজ৷