108
ধ্রুৱজ্যোতি বড়া, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ দিখৌমুখৰ ধনেখোৱা গাঁৱৰ বিপুল বড়াৰ নশ্বৰ দেহ শুকুৰবাৰে বিয়লি সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে নিজ জন্মভূমিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শেষকৃত সম্পন্ন কৰা হয়।
যোৱা বৃহস্পতিবাৰে চত্তিছগড়ত নক্সাল উগ্রপন্থীৰে হোৱা সংঘৰ্ষত দেশৰ বাবে প্রাণ আহুতি দিয়া বীৰ শ্বহীদ জোৱান বিপুল বড়াৰ নশ্বৰ দেহ ৫-৪০ বজাত নিজ বাস গৃহলৈ অনা হয়।