Home ৰাজ্য৩২ বছৰে বিনা বেতনে শিক্ষকতা কৰা বীৰেণ ফুকনক ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সম্বৰ্ধনা

৩২ বছৰে বিনা বেতনে শিক্ষকতা কৰা বীৰেণ ফুকনক ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সম্বৰ্ধনা

by News Desk
57 views
A+A-
Reset

 

ডিব্ৰুগড়, ৬ এপ্ৰিলঃ ৰাজ্যখনৰ ভেন্সাৰ স্কুলসমূহৰ শ-শ শিক্ষকে একালৰ জাতীয়তাবাদী নেতা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপিক ভোট প্ৰদান কৰিছিল৷ অসমৰ ভিন্ন প্ৰান্তৰ এইসকল শিক্ষকে দিনৰ দিনটো আনৰ সন্তানক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰে যদিও নিজৰ সন্তানক এসাঁজ খাই এসাঁজ লঘোনে ৰাখিব ৰখা হয়৷ এইসকল শিক্ষকৰ সন্তানে শিক্ষা আধাতে সাং কৰিব লগা হয়৷ উজনি, মধ্য আৰু নামনি অসমৰ ভেন্সাৰ স্কুলৰ শিক্ষকৰ দুখ-দুৰ্দশা, দুৰ্গতি, আলৈ-বিলৈ কুলাই-পাচিয়ে নধৰা হৈছে৷ দিনৰ দিনটো শিক্ষাদানৰ নামত ব্যস্ত থাকি জীৱন যৌৱন সকলো শেষ কৰা হাজাৰ-হাজাৰ শিক্ষকে এতিয়া হাহাকাৰ কৰিব লগা হৈছে৷ এসাঁজ ভাত, বস্ত্ৰ, সন্তানৰ পঢ়াৰ খৰছৰ বাবে আনৰ ঘৰত হাজিৰা নতুবা অইন কাম কৰিব লগা হৈছে৷ বহু শিক্ষাগুৰুৱে আনৰ গাড়ী চলাব লগা হৈছে, দিন হাজিৰা কৰিব লগা হৈছে৷ বহু শিক্ষকে পৰিয়াল পোহপাল দিব নোৱাৰি আত্মাহত্যা কৰিছে৷ বহু শিক্ষকে ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰিবৰ বাবে হাতত অৰ্থ নোহোৱাৰ বাবে বিনা বেতনে পৃথিৱীৰ পৰা মেলানি মাগিছে৷ ৩০-৩২ বছৰ বিনা বেতনে ভেন্সাৰ শিক্ষানুষ্ঠানৰ কাম কৰি চৰকাৰৰ আকোঁৰগোজ মনোভাৱৰ বাবে প্ৰাণ দিব লগা হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0