Home ৰাজনীতিজাগুনত কংগ্ৰেছৰ নিৰ্বাচনী সভা, ৰাইজৰ সহাঁৰি কম

জাগুনত কংগ্ৰেছৰ নিৰ্বাচনী সভা, ৰাইজৰ সহাঁৰি কম

by News Desk
71 views
A+A-
Reset

লিডুঃ আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ কংগ্ৰেছৰ  মনোনিত প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰে জাগুনৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহন কৰে৷  ডিব্ৰুগড় লোকসভা সমষ্টিত কংগ্ৰেছৰ হেৰুৱা অস্থিত্ব পুনৰ উদ্ধাৰৰ বাবে কংগ্ৰেছ দলৰ নিৰ্বাচিত প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰে দলীয় কৰ্মকৰ্তা সকলৰ সহযোগত নিৰ্বাচনী প্ৰচাৰত নামি পৰা পৰিলক্ষিত হৈছে৷ 

জাগুনৰ মুল বজাৰস্থিত এলেকাত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত বিজেপিক তীব্ৰ সমালোচনা কৰে পৱন সিং ঘাটোৱাৰে ৷ কিন্তূ তাৎপৰ্য্যপূৰ্ন কথা যে জনসভাখনিত দলটিৰ নিশকতীয়া স্থিতিৰ বাবে নগন্য সংখ্যক ব্যক্তিৰ উপস্থিতিহে পৰিলক্ষিত হল ৷ বিভিন্ন প্ৰচাৰ মাধ্যমৰ সহায় লোৱাৰ পাছতো নিৰ্বাচনী সভাত নগন্য সংখ্যক ব্যক্তিৰ উপস্থিতিয়ে যথেষ্ট তাৎপৰ্য বহন কৰে ৷  ইফালে পূৰ্বৰ সাংসদ ৰামেশ্বৰ তেলীক তীব্ৰ ভাষাৰে কতাক্ষ কৰি সাংসদ তেলীক এজন ব্যৰ্থ সাংসদ বুলি আখ্যা দিয়াৰ লগতে কংগ্ৰেছৰ কাৰ্যকালতহে চাহ জনগোষ্ঠীৰ লোকসকলে অধিক আচনি লাভ কৰা বুলি উল্লেখ কৰে   ৷ সভাত মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ বহু কেইজন জেষ্ঠ নেতা উপস্থিত থাকে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0