149
মৰিগাঁওঃ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মৰিগাঁও আবকাৰী বিভাগে অবৈধ সুৰা আৰু নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে।
আবকাৰী বিভাগৰ এই অভিযানৰ মাজতে দেওবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ধিং আটি গাৱঁৰপৰা ৩০০ বটল কাপ চিৰাপ জব্দ কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। মৰিগাঁও জিলা আবকাৰী বিষয়া মুছাৰব হুছেইনৰ নেতৃত্বত চলা এই অভিযানত জিয়াৰো ৰহমান নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰা হয়।