65
নগাঁওঃ নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ এলেকাধীন ৰাইদঙীয়াত পুনৰ বুজন পৰিমাণৰ ধন উদ্ধাৰ হোৱা ঘটনা সংঘটিত হৈছে।
জাজৰি আৰক্ষী আৰু ফ্লায়িং স্কোৱাডৰ দলে দেওবাৰে সন্ধিয়া প্ৰায় চাৰে ছয় বজাত নগাঁও-বটদ্ৰৱা-ধিং সংযোগী পথৰ ৰাইদঙীয়াত থকা গংগা ধাবাৰ ওচৰৰপৰা এএছ-০২-এচি ৮৭৬২ নম্বৰৰ এখন বলেৰ’ পিকআপ ভানত তালাচী চলাই ২,৯৬,৩২০ টকা জব্দ কৰে৷