জাজৰিঃ “অগপৰ হাতীৰ পিছফালে এইবাৰ পদুম ফুল লুকাই আছে, হাতীক এটা ভোট দিয়া মানে বিজেপিক দুটা ভোট দিয়া। অগপ এতিয়া আঞ্চলিক দল হৈ থকা নাই। যি অগপই নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰি মিত্ৰতা ত্যাগ কৰাৰ দৰে এক নাটক ৰচনা কৰিছিল, সেই অগপই আজি জাতিৰ বুকুত কুঠাৰ মাৰি, নাগৰিকত্ব বিধেয়কৰ সপক্ষে থকা বিজেপিৰ লগত হাত মিলাই জাতিক অপমান কৰিছে। এই কথা অসমবাসী ৰাইজে ইতিমধ্যে বুজি উঠিছে।”
এই মন্তব্য ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ। সোমবাৰে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত পাঘালী গাঁও পঞ্চায়ত জাজৰি নিছানতলত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি লগতে গৌৰৱ গগৈযে কয় যে বিজেপি দলে হিন্দু মুছলমানৰ মাজত ভাগ ভাগ কৰি উচ্চ-নীচৰ যি ৰাজনীতি কৰি আহিছে, সেই সাম্প্ৰদায়িক ৰাজনীতিক আগন্তুক লোকসভা নিৰ্বাচনত আমি উফৰাব লাগিব।