81
খেৰণিঃ উজনি অসমৰ গোলাঘাটৰ সুৰা ট্ৰেজেদীৰ পাছতেই ডিমা হাছাও, হোজাই জিলা আৰু কাৰ্বি আংলঙৰ কুঁহিয়াৰ খেতিৰ কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।
ইফালে উজনি অসমত বিষাক্ত সুৰাক লৈ চৰম আতংক সৃষ্টি হোৱাৰ একে সময়তে ৰাজ্যত কুঁহিয়াৰ খেতিৰ খেতিয়কৰ মাজত দুমাহ ধৰি সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। সেৱন কৰা বিষাক্ত সুৰা লালিগুড়ৰপৰা তৈয়াৰ কৰা বুলি সমগ্ৰ ৰাজ্যতে তোলপাৰ লাগি গুড় ব্যৱসায় বন্ধ হৈ যোৱাত পানীত হাঁহ নচৰা অৱস্থা হৈছে কুঁহিয়াৰ খেতিৰ কৃষকৰ।