চামগুৰিঃ কলিয়াবৰ সংসদীয় সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী মণিমাধৱ মাহন্তৰ হৈ চামগুৰি সমষ্টিৰ বড়ো জনজাতীয় অধ্যুষিত এলেকা ৰূপে খ্যাত চালপাৰাত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত একে দলৰে সতীৰ্থ তথা মন্ত্ৰী চন্দ্ৰন ব্ৰহ্ম, সাংসদ বিশ্বজীৎ দৈমাৰীসহ সোমবাৰে বিয়লি উপস্থিত হয় হাগ্ৰামা মহিলাৰী।
এই সভাখনতে সমবেত হোৱা প্ৰায় পাঁচ সহস্ৰাধিক সমৰ্থকৰ সন্মুখত বিপিএফ প্ৰধান হাগ্ৰামাই স্বীকাৰ কৰিলে বিগত সময়ত কংগ্ৰেছ আৰু বৰ্তমান বিজেপিৰ সৈতে থকা সুবিধাবাদী মিতিৰালিৰ কথা। বড়োসকলৰ উন্নয়নৰ দোহাই দি যাৰ চৰকাৰ নাই তাৰ লগত থাকি একো লাভ নাই বুলি মন্তব্য কৰে হাগ্ৰামাই।