নগাঁওঃ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজতে মাত্ৰ কেইঘন্টামানহে থকা অৱস্থাত কলিয়াবৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত বটদ্ৰৱা সমষ্টিত সংঘটিত হৈছে নিৰ্বাচন কেন্দ্ৰীক হিংসাত্মক ঘটনা৷
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ পিছতেই সমষ্টিটোত দুৰ্বৃত্তই জ্বলাই দিলে কংগ্ৰেছ দলৰ নিৰ্বাচনী কাৰ্যালয়৷ জানিব পৰা মতে, মঙলবাৰে নিশা সমষ্টিটোৰ অন্তৰ্গত চকলাঘাটত থকা নিজ হাতীচোং মণ্ডল কংগ্ৰেছৰ দলীয় নিৰ্বাচনী কাৰ্যালয়টোত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই৷