গোৰেশ্বৰঃ ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ ভোট গ্ৰহণলৈ সাজু হৈ উঠিছে বিজেপি, এজেপি আৰু বিপিএফৰ মিত্ৰজোঁটৰ দল। “এবছু এনডিএফ বি সৈতে যদি থাকে তেন্তে ধ্বংস হ’ব বড়ো জাতি।” এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ।
বাগসা জিলাৰ গোৰেশ্বৰৰ বেঙেনাহাটী সত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দীলিপ শইকীয়াৰ সমৰ্থনত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত উপস্থিত থাকি মহিলাৰীয়ে এনেদেৰে কয়। তেওঁ আৰু কয় যে এবছু আৰু এনডিএফবিয়ে মানুহক ভয় ভাবুকি দেখুৱাই ভোট আদায় কৰিব বিচাৰিছে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত ইউপিপিএলৰ প্ৰাৰ্থী ইউজি ব্ৰহ্ম পৰাজিত হোৱাৰ শংকা কৰি এতিয়া এনডিএফবিয়ে বন্দুক লৈ ভোটাৰক ভাবুকি প্ৰদান কৰিছে।