চামগুৰিঃ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বৃহস্পতিবাৰে দুপৰীয়া নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শৰ্মা, বিজেপি নেতা জিতু গোস্বামীয়ে বঢ়মপুৰ বিধানসভা সমষ্টিৰ অধীনৰ পুৰণিগুদাম গড়মুৰ, চলচলী, হালোৱাগাঁও চাৰিআলিকে ধৰি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।
সীমিত সংখ্যক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আনহাতে, মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে বঢ়মপুৰত অগপ-বিজেপিৰ মাজত কোনো সংঘাত নাই বুলি কোৱাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সন্দৰ্ভত প্ৰাৰ্থী গৰাকীয়ে বৰ্তমান তেওঁৰ লগত যোগাযোগ হৈছে বুলি মন্তব্য কৰে।