নগাঁওঃ প্ৰথম পৰ্যায়ত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া নগাঁও জিলাৰ পশ্চিমাঞ্চলত বেছ শান্তিপূৰ্ণভাৱেই সম্পন্ন হয়৷ জিলাখনৰ কলিয়াবৰ লোকসভা সমষ্টিৰ এলেকাধীন বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জাজৰি, বটদ্ৰৱা, ৰাইদঙীয়া, বৰছিলা, কপাহেৰা, কুঁজি, টুকটুকী, হাতীচোং, ধূপগুৰি, বেছামাৰী, জামুগুৰি, চকলাঘাট, ধিং আদি অঞ্চলত থকা প্ৰতিটো ভোটকেন্দ্ৰতে পুৱাৰেপৰা ৰাইজে শৃংখলাবদ্ধভাৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে৷
এইবাৰ এই অঞ্চলবোৰত যুৱ ভোটাৰৰ যথেষ্ট সঁহাৰি পোৱা পৰিলক্ষিত হয়৷ ঠায়ে ঠায়ে আনকি আশীৰ উৰ্ধৰ পুৰুষ-মহিলায়েও ভোটাধিকাৰ সাব্যস্ত কৰে৷