74
আমগুৰিঃ আমগুৰিৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত খনামুখ ভদীয়াঘাটত শুকুৰবাৰে পুৱাই উদ্ধাৰ হৈছে গো-মাংসসহ এখন চাৰিচকীয়া বাহন। পুৱাই স্থানীয় ৰাইজে সেই ঠাইত এখন বাহন সন্দেহজনক অৱস্থাত দেখা পাই বাহনখনৰ কাষ চপাত বাহনখনত থকা তিনিজন আৰোহীয়ে গাড়ীৰ পৰা দুটাকৈ বেগ মিতং নদীত পেলাই পলায়ন কৰে। স্থানীয় ৰাইজে নদীৰপৰা বেগ দুটা উঠাই আনি বেগৰ ভিতৰত উদ্ধাৰ কৰে গো-মাংস।
