জাজৰিঃ যোৱা ৩ এপ্ৰিলত অসমৰ ভ্ৰাম্যমান শৰাইঘাট থিয়েটাৰৰ প্ৰযোজক, সাংস্কৃতিক কৰ্মী কৃষ্ণানন্দ তামুলীয়ে পৰলোক গমন কৰে। তেখেতৰ শনিবাৰে আদ্যশ্ৰাদ্ধৰ দিন। আদ্যশ্ৰাদ্ধৰ পবিত্র দিনটোত প্ৰয়াত কৃষ্ণানন্দ তামুলীৰ জাজৰিস্থ বাসগৃহ তথা শৰাইঘাট থিয়েটাৰৰ মুখ্য কাৰ্যালয়ত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়।
পশ্চিম নগাঁও জিলা সত্র মহাসভাৰ ব্যৱস্থাপনাত অনুষ্ঠিত স্মৃতিচাৰণ সভাত প্ৰয়াত তামুলীৰ প্ৰতিচবিত বন্তি প্ৰজ্বলন কৰে পশ্চিম নগাঁও জিলা সত্র মহাসভাৰ সভাপতি ঘনমোহন গোস্বামীয়ে। সাংবাদিক ৰাহুল দেৱ বৰদলৈৰ সম্পাদনাত সোঁৱৰণি গ্ৰন্থ “কৃষ্ণানন্দ” উন্মোচন কৰে অসম সত্র মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভৱ গোস্বামীয়ে।