খেৰণিঃ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী। তেনে সময়তে কাৰ্বি পাহাৰত তুংগত উঠিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। নিৰ্বাচনক কেন্দ্ৰ কৰি কাৰ্বি পাহাৰত কংগ্ৰেছ-বিজেপিয়ে সমুখ-সমৰত থিয় দি বাকযুদ্ধৰ মাজেৰে পাহাৰীয়া জিলাকেইখনৰ প্রান্তে প্রান্তে অনুষ্ঠিত কৰিছে নিৰ্বাচনী প্ৰচাৰ সভা।
দলীয় শক্তি প্ৰদৰ্শনেৰে লোকসভাৰ আসন দখলৰ লক্ষ্যৰে শাসক-বিৰোধীয়ে দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অশান্তি, প্ৰৱঞ্চনা আদিৰ কথা উল্লেখ কৰি ইটোয়ে সিটোক কৰি গৈছে আক্ৰমণ-প্ৰতিআক্ৰমণ। পশ্চিম কাৰ্বি আংলঙৰ হামৰেন চহৰৰ মাজমজিয়াত বিজেপিয়ে এখন বিশাল প্ৰচাৰ সভাৰ আয়োজন কৰি তিনিশৰো অধিক কংগ্ৰেছ-বিজেপি আৰু এ এছ ডি চিৰ নেতাকৰ্মীক আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰোৱাই নিজৰ শক্তি প্ৰদৰ্শন কৰে কাৰ্বি আংলং বিজেপিয়ে।