ডিফুঃ সমগ্ৰ অসমত মঙলাবাৰে সন্ধিয়া ৫ বজাৰ লগে লগে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰাৰ লগতে তিনি পাৰ্বত্য জিলাতো সামৰণি পৰিছে এই প্ৰচাৰৰ৷ আসন্ন লোক সভা নিৰ্বাচনলৈ মাজত মাথো দুটা দিন থকা অৱস্থাত ৩ নং স্বায়ত্ত শাসিত জিলা ডিফু (অ: জ) লোকসভা সমষ্টিৰ বিভিন্ন ৰাজনৈতিক দল সমূহৰ মাজত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে৷
তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ ডিফু লোকসভা সমষ্টিৰ বাবে বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী হৰেণ চিং বে’ৰ বাবে সোমবাৰে ডিফুত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ৰুপে প্ৰচাৰ চলাবলৈ আহি ডিফুৰ ৫ মাইলস্থিত চুতিয়ানলাৰ ছাই স্পৰ্টচ কমপ্লেক্সত বিজেপিৰ সমৰ্থকেৰে ঠাঁহ খাই পৰা নিৰ্বাচনী ৰেলীত মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাই সমৰ্থক তথা কাৰবি আংলং বাসীলৈ কাৰবি ভাষাৰে ৰঙালী বিহুৰ শুভেশ্চা জ্ঞাপন কৰে৷