গুৱাহাটীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যয়ৰ ভোটগ্ৰহণ চলি থকা সময়তে বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাতে এক সংবাদ মেল সম্বোধন কৰি দ্বিতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ অসমৰ পাঁচটা সমষ্টিতে কংগ্ৰেছ দলে বিজয় সাব্যস্ত কৰিব বুলি উল্লেখ কৰিছে।
নগাঁৱত প্ৰদ্যুত বৰদলৈ আৰু মঙলদৈত ভুবনেশ্বৰ কলিতাই বৃহৎ ব্যৱধানত জয়লাভ কৰিব বুলি তেওঁ দাবী কৰে। ইয়াৰ উপৰিও তেওঁ সংবাদ মেলত কয় ডিফু লোকসভাৰ সমষ্টিতো ৰাজনৈতিক পৰিৱেশ নাটকীয়ভাৱে পৰিৱৰ্তন হৈছে। ফলত ডিফু আসনখনো কংগ্ৰেছ দলে দখল কৰিব।