51
লিডুঃ মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত শামুকজান গাঁওখনত চোৰৰ উপদ্ৰপে গাঁওবাসীক ইতিমধ্যে যথেষ্ট আতংকিত কৰি তুলিছে৷ চলিত মাহটোৰ ভিতৰতেই গাঁওখনৰ ভিন্ন প্ৰান্তৰ কেইবাটাও ঘৰত চোৰে ন ন কৌশলেৰে চুৰিকাৰ্য সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷
শুকুৰবাৰে নিশা লিডু ক্ষুদ্ৰ প্ৰাথমিক আৱাসিক অঞ্চলত এক চাঞ্চল্যকৰ চুৰিকাণ্ড ঘটনা সংঘটিত হয়৷ GNM নাৰ্ছ ৰূপে কৰ্মৰত সূৰ্যমালা দেউৰী নামৰ এগৰাকী মহিলাৰ ঘৰত চোৰ প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে৷