60
চামগুৰিঃ সম্প্ৰতি তুমুল চৰ্চাত থকা গুৱাহাটীৰ লতাশিলৰ বিহু সম্ৰাজ্ঞীৰ বিতৰ্কৰ ওৰ নপৰোতেই পুনৰ একেখন মঞ্চক লৈ বহু প্ৰশ্নৰ অৱতাৰণা কৰিলে অসমৰ ঢোলৰ সম্ৰাটখ্যাত ওজা সোমনাথ বৰাই।
অসমৰ সবাতোকৈ পুৰণি বিহু সন্মিলনী বুলি লতাশিলে গৌৰৱবোধ কৰিলেও তাতেই ঘটে ঘটনাটো, তাতেই ফিক্সিংটো ঘটে, ই অতিশয় দুৰ্ভাগ্যজনক বুলি কৈ পুনৰ লতাশিলক বিতৰ্কৰ মাজলৈ টানি আনিলে প্ৰৱীণ ঢোলৰ ওজাগৰাকীয়ে।