58
খাৰুপেটীয়ঃ দৰঙৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী যোগীপাৰা গাঁৱৰ বিশিষ্ট সমাজ সেৱক তথা ধুলাৰ “মুক্তি মেডিকেল হল”ৰ স্বত্বাধিকাৰী আলহাজ মুক্তাৰ হুছেইন (৫৮)ৰ শনিবাৰৰ শেষ নিশা ইন্তেকাল হয়|
যোৱা কিছুদিনৰপৰা তেওঁ ডায়েবেটিজৰ লগতে অন্য ৰোগতো ভুগি আছিল| মৃত্যুৰ দুদিন পূৰ্বে তেওঁক সংকটজনক অৱস্থাত গুৱাহাটী নাৰায়ণ হস্পিতাললৈ চিকিৎসাৰ বাবে নিয়ে যদিও শনিবাৰে শেষ নিশা ২.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে|