62
খাৰুপেটীয়াঃ ১৯৪৭ চনৰ ২১ এপ্ৰিলত স্বাধীন ভাৰতৰ তদানীন্তন গৃহমন্ত্ৰী লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰথমটো বেটছক সম্বোধন কৰি প্ৰশাসনিক সেৱাৰ বিষয়াসকলক লৌহ গঠনৰ দৰে শক্তিশালী বুলি মত পোষণ কৰিছিল৷
সেই অনুসৰি প্ৰতি বছৰে ২১ এপ্ৰিলৰ দিনটো সমগ্ৰ দেশতে অসামৰিক সেৱা দিৱস হিচাপে পালন কৰি অহা হৈছে৷ তদুপলক্ষে দৰং জিলা প্ৰশাসনৰ উদ্যোগত দেওবাৰে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসামৰিক সেৱা দিৱস পালন কৰা হয়৷