62
তামুলপুৰঃ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দিঘিলিপাৰত শনিবাৰে সন্ধিয়া এক পথ দুৰ্ঘটনা সংঘটিত হয়৷
জানিব পৰা মতে সন্ধিয়া ৭ মান বজাত দিঘিলিপাৰ গাঁৱৰ জিতেন দাসৰ পুত্ৰ ৰূপান্তৰ দাসে (৩৫) নিজ গৃহৰপৰা ৰঙিয়া-ভূটান পথেৰে খোজ কাঢ়ি দোকানলৈ গৈ থকা অৱস্থাত ভূটানৰপৰা ৰঙিয়া অভিমুখি এখন তীব্ৰ বেগী পালছাৰ (এএছ ০১ ডিজে ০৪৮৩) বাইকে পিছ ফালৰপৰা খুন্দা মাৰাৰ ফলত গুৰতৰভাৱে আহত হয়৷