50
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ পশ্চিমাঞ্চল সম্প্ৰতি অপৰাধীৰ অসামাজিক কাম-কাজৰ ঘাটিতহে যেন পৰিণত হৈ পৰিছে৷ আৰক্ষীৰ ছত্ৰছায়াতেই এই অঞ্চলবোৰত এতিয়া দিন দুপৰতে নিতৌ চলিছে মুকলি জুৱাৰ আড্ডা।
এই জুৱাৰ আড্ডাত অংশগ্ৰহণ কৰিছে স্কুল-কলেজৰ ছাত্রৰ লগতে জ্যেষ্ঠজনেও। এই অভিযোগ অঞ্চলবাসী সচেতন লোকসকলৰ৷ জানিব পৰা মতে, বটদ্ৰৱা আৰক্ষী নিৱেশৰ নিকটৱৰ্তী ধনীয়াভেটি, ৰামপুৰ, হাইডুবি আদি বহু গ্ৰামাঞ্চল এতিয়া পৰিণত হৈছে জুৱাৰ ঘাটিলৈ।