56
গুৱাহাটীঃ হিমন্তক মই নচোৱাম বুলি কৈছিলোঁ, এতিয়া নচোৱাই আছোঁ। তেজপুৰত নচাৰ পাছত গুৱাহাটীতো নাচিব লাগিব কৈছিলোঁ, এতিয়া নাচিছে। নাচোতে উজুটিও খাইছে, কিন্তু নাচিয়েই আছে।
এই মন্তব্য তেজপুৰৰ বিজেপি সাংসদ তথা বিজেপি জ্যেষ্ঠ নেতা আৰ পি শৰ্মাৰ। লোকসভাৰ নিৰ্বাচনত বিজেপিৰপৰা প্ৰাৰ্থিত্ব নাপাই জ্যেষ্ঠ নেতাগৰাকীয়ে ক’লা কোট পৰিধান কৰি পুনৰ ওভতি আহিছে অধিবক্তা পেচালৈ।