বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰত সোমবাৰে পুৱতি নিশা ৪-৩০ মান বজাত এখন গৰু ভৰ্তি ট্ৰাক দুৰ্ঘনাত পতিত হোৱাত ১২ টাকৈ বলধ গৰুৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ বিবৰণী মতে ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত কাটুৰীয়াত ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত বিহাৰৰপৰা অসমলৈ ২৫ টাকৈ বলধ গৰু কঢ়িয়াই গুৱাহাটী অভিমুখে গৈ থকা বিআৰ ১১ জিচি ০৪৬৫ নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰন হেৰুৱাই পথৰ কাষত থকা ৰেলিংঙত প্ৰচন্ড জোৰেৰে খুন্ডা মাৰি প্ৰায় ১০০ ফুট তলত থকা ঘগ্ৰাজানত বাগৰি পৰে।