ৰঙিয়াঃ ৰঙিয়া তিনিআলিৰ সমীপৰ জ্যোতিনগৰত সোমবাৰে নিশা প্ৰায় ৭ বজাত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত দুটা পৰিয়ালৰ সকলো সা-সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে এটা পৰিয়াল আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়।
অগ্নিকাণ্ডৰ ফলত এজনী গাভিনী গৰু জীৱন্তে অগ্নিদগ্ধ হয়। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে ৰঙিয়া আৰু বাইহাটা চাৰিআলিৰপৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে ঘটনাস্থলীত উপস্থিত হৈ তৎপৰতাৰে জুই নিয়ন্ত্ৰণ কৰাত ওচৰ-পাজৰৰ কমেও ৩০ টা পৰিয়াল নিশ্চিত ধ্বংসৰপৰা কথামপি ৰক্ষা পৰে।