বৰনৰ্দ্দীঃ ঐতিহ্যমণ্ডিত নলবাৰী মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগ, দ্যা গ্ৰীণ গ্লোৱ, নলবাৰীৰ লগতে ইক’ ক্লাব, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠ, নলবাৰীৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় আই ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে ‘আমাৰ প্ৰজাতিসমূহৰ সংৰক্ষণ’ শীৰ্ষক বিষয়বস্তুৰে মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠ এক তৰুন (youth awareness program) সজাগতামূলক সভা অনুষ্ঠিত হয়।
প্ৰায় ৮০ গৰাকী ছাত্ৰীৰ উপস্থিত থকা সভাখনত বিষয় বস্তু “প্ৰজাতি সমূহৰ সংৰক্ষণ”ৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰি বিশিষ্ট প্ৰকৃতিপ্ৰেমী ৰাজেশ দত্ত বৰুৱাই কয় যে জৈৱ বৈচিত্ৰ্য অবিহনে এতিয়া পাৰিপাৰ্শ্বিকতা বিনষ্ট হ’ব ধৰিছে৷ যাৰ ফলত পৰিৱেশ তন্ত্ৰ বিনষ্ট হৈছে, যিটো গোলকীয় উষ্ণতা বৃদ্ধিৰ এটা কাৰণ। সেয়েহে আমি সকলো প্ৰজাতিৰে সংৰক্ষণ কৰিব লাগে।