মৰিগাঁওঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে সকলো ধৰণৰ বৈধ আৰু অবৈধ মাৰণাস্ত্ৰ মৰিগাঁও আৰক্ষী প্ৰশাসনে জব্দ কৰা বুলি ঘোষণা কৰা পাছতো অবৈধ মাৰণাস্ত্ৰৰ গুলীত মৰিগাঁৱত নিশা এজন লোক সৌভাগ্য ক্ৰমে প্ৰাণ ৰক্ষা পৰি গুৰুতৰভাৱে আহত হ’বলগীয়া হোৱা ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।
এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ জালুগুটি আৰক্ষী চকীৰ অন্তৰ্গত লোচনাবড়ী গাঁৱত।অচিনাক্ত দুৰ্বৃত্তৰ গুলীত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰি মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোকজনৰ নাম হৈছে নুৰুল আমিন।