বটদ্ৰৱাঃ অসম চৰকাৰৰ মুখ্য সচিবে প্ৰতিমাহৰ প্ৰথম আৰু তৃতীয় শনিবাৰে ৰাজ্য চৰকাৰৰ আমোলা, বিষযা, তথা কৰ্মচাৰীসকলৰ বাবে পৰম্পৰাগত জাতীয় সাজ-পাৰ ‘ড্ৰেছ কোড’ হিচাপে নিৰ্ধাৰণ কৰি জনোৱা আহ্বানৰ প্ৰতি নগাঁও জিলাৰ চৰকাৰী কৰ্মচাৰীসকল ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে।
ড্ৰেছ কোডৰ বিষয়টোৱে বিস্তাৰিত প্ৰচাৰ লাভ কৰাৰ পিছতেই আজি মাহৰ প্ৰথমটো শনিবাৰে নগাওঁ জিলাত বহু চৰকাৰী বিষয়া কৰ্মচাৰীয়ে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি কাৰ্যালয়লৈ অহা দেখা যায়। ‘উপদেশতকৈ আৰ্হি ভাল’ বাক্যশাৰী সৰোগত কৰি নগাওঁ জিলা উপায়ুক্ত চমছেৰ সিঙে পুৱাই পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি কাৰ্যালয়ত উপস্থিত হয়।