আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ ‘দৈনিক অসম’ কাকতৰ মুকালমুৱাৰ নিজা বাতৰি দিওঁতা, সদৌ অসম সাংবাদিক সন্থাৰ উপ-সভাপতি ৰাজেন ডেকাক বৃহস্পতিবাৰে নিশা ১০ মান বজাত নিজ বাসগৃহৰ সমীপতে কেইজনমান দুষ্কৃতিকাৰীয়ে আক্রমণ কৰি গুৰুত্বৰভাৱে আহত কৰা কাৰ্যক বিশ্বনাথ জিলা সাংবাদিক সন্থাই তীব্ৰ প্রতিবাদ জনাইছে।
সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক তথা বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সভাপতি নৰেন বৰাৰ সহযোগত শুকুৰবাৰে বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ জৰুৰী বৈঠক অনুষ্ঠিত কৰি সংবাদ জগতৰ লগত জড়িত লোকসকলক এনেদৰে আক্রমণ কৰি গণতন্ত্রৰ চতুৰ্থ স্তম্ভক বিনাশ কৰা প্রচেষ্টাক তীব্র গৰিহণা দিয়ে।