গুৱাহাটীঃ অসমীয়াৰ হিয়াৰ আমঠু, বিশ্ববন্দিত শিল্পী সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই ৫০-৬০ দশকত আমেৰিকাৰ ভূমিত মানৱ মুক্তিৰ গীত গোৱা পল ৰবছনৰ সৈতে গাইছিল ‘আমি একেখন নাৱৰে যাত্ৰী (উই আৰ ছেম ব’ট ব্ৰাদাৰ)। প্ৰিয়ম্বদা পেটেলৰ দৰে এগৰাকী অতি উচ্চ শিক্ষিত, প্ৰগতিশীল, প্ৰগলভা যুৱতীক প্ৰেমিকাৰূপে লাভ কৰি হৃদয় বিগলিত হোৱা যুৱক ভূপেনদাই মানৱ মুক্তিৰ এই গান গাইছিল প্ৰাণ ঢালি।
সপোন দেখিছিল মাতৃভূমিলৈ উভতি গৈ নিঃস্বজনৰ কল্যাণত মন প্ৰাণ সঁপি দিয়াৰ। সেয়েহে হয়তো ভূপেনদাই প্ৰাণ ঢালি গাইছিল ‘মানুহে মানুহৰ বাবে…’দৰে মনপ্ৰাণ শিহঁৰিত কৰা গান। আৰু গাইছিল বাৰিষা ধ্বংসলীলা সূচনা কৰা প্ৰিয় নদ ব্ৰহ্মপুত্ৰৰ প্ৰতি তীব্ৰ আক্ষেপেৰে ‘বুঢা লুইত তুমি…’।