জয়ন্ত মুদৈ, নগাঁওঃ মুকালমুৱা, শিৱসাগৰ, যোৰহাটকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত সাংবাদিকক আক্ৰমণ কৰা ঘটনাক নগাঁও প্ৰেছ ক্লাবে তীব্ৰ ভাষাৰে গৰিহণা দিছে।
নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা আৰু সাধাৰণ সম্পাদকদ্বয় চন্দনজ্যোতি বৰা আৰু ভাস্কৰ মেধিয়ে সাংবাদিক নিগ্ৰহৰ ঘটনাই গণতন্ত্রৰ চতুৰ্থ স্বম্ভক কুঠাৰাঘাট কৰিছে বুলি উল্লেখ কৰি নগাঁও প্ৰেছ ক্লাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সাংবাদিকক আক্ৰমণ কৰা ব্যক্তি সকলক দৃষ্টান্তমূলক শাস্তি দিবলৈ চৰকাৰক দাবী জনায়৷