ৰবীন মহন্ত, বৰহোলাঃ তিতাবৰ মহকুমাৰ অন্তৰ্গত শ্ৰীশ্ৰী বগীআই সত্ৰৰ প্ৰাথমিক শিক্ষাৰ অন্যতম কেন্দ্ৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়। বিদ্যালয়খনিৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক কেৱশ মহন্ত চাকৰিৰ কাৰ্যকাল অন্ত হোৱাৰ বাবে মঙলবাৰে বিদ্যালয়খনিত বিদায় সম্বৰ্দ্ধনা জনোৱা হয়।
সম্বৰ্ধনা অনুষ্ঠানটি উদ্দেশ্য বাখ্যা আৰু আঁত ধৰে বিদ্যালয়ৰ শিক্ষক অমৃত শইকীয়াই। অৱসৰ গ্ৰহণ কৰা শিক্ষকগৰাকীক সম্বৰ্দ্ধনা-পত্ৰ, সঁফুৰা, গামোচা, চেলেং আদি প্ৰদান কৰি বিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে বহুতো শিক্ষক-শিক্ষয়িত্ৰী, অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্দ্ধনা জনায়।