56
দীপাংকৰ দাস, গোৰেশ্বৰঃ বাক্সা জিলাৰ গুৰুত্বপূৰ্ণ গোৰেশ্বৰ চহৰৰ দীৰ্ঘদিনীয়া বাট-পথৰ সমস্যা কিছু লাঘৱ হৈছে যদিও আজিলৈকে গোৰেশ্বৰ চহৰ সংযোগী কেইবাটাও গড়কপ্তানি পথৰ অৱস্থা শোচনীয় হৈয়ে ৰ’ল।
মুখ্যত বাইহাটা-চাৰিআলি-গোৰেশ্বৰ-বগামাটি পথটো বিগত সময়ছোৱাত নিৰ্মাণ কৰাত যাতায়াতৰ ক্ষেত্ৰত থকা অঞ্চলটোৰ পূৰ্বৰ বদনাম কিছু মচ খাইছে যদিও বহুকেইটা সংযোগী পথক এতিয়াও গডকপ্তানি বিভাগটোৱে অৱহেলিত কৰি ৰাখিছে।