53
প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগুৰ নেতৃত্বত বোকাজান নগৰত বুধবাৰে এক ড্ৰাগছ বিৰোধী অভিযান চলোৱা হয়।
বোকাজান নগৰৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ডেইলি মাৰ্কেটৰ এটা বসগৃহৰপৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট। অভিযান কালত প্ৰায় ৭০০ টা নিচাজাতীয় টেবলেট উদ্ধাৰ কৰাৰ লগতে দুই ভাতৃ ক্ৰমে হাবিবুৰ ৰহমান আৰু বাবলু ৰহমানক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷