জয়ন্ত মুদৈ,নগাঁওঃ প্ৰতি বছৰে পহিলা মে’ৰ দিনটো পালন কৰা হয় শ্ৰমিক দিৱস হিচাপে ৷ কিন্তু পৰিতাপৰ বিষয় যে দেশৰ সৰ্বত্ৰে নানা কাৰ্যসূচীৰে উদযাপিত হোৱা এই শ্ৰমিক দিৱসৰ সফলতাৰ মাজতে আজিৰ তাৰিখটো অসমৰ হাজাৰ-বিজাৰ শিশু শ্ৰমিকৰ অসহায়,কৰুণ আৰ্তনাদে কঁপাই আছে ৰাজ্যৰ আকাশ-বতাহ ৷
ধূলি-বালিৰে উমলি ফুৰাৰ বয়সতো এই দুৰ্ভগীয়া শিশুসকলে এমুঠি অন্ন,এযোৰ বস্ত্ৰৰ বাবে পুৱাৰে পৰা নিশা পৰ্যন্ত কঠোৰ পৰিশ্ৰম কৰিহে জীৱন ধাৰণ কৰিবলগীয়া হৈছে ৷ শ্ৰমিক দিৱস যেন এই পৰিশ্ৰমী অবুজ শিশুসকলৰ কাৰণে এক বুজাব নোৱাৰা জটিল সাঁথৰ ৷