পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত৷ গুৱাহাটীৰ ৰাজপথত এটা বনৰীয়া হাতীৰ মুক্ত বিচৰণ আৰু একাংশ লোকৰ বন্য উল্লাসৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ কাজিৰঙাত জীৱশ্ৰেষ্ঠ মানুহৰ ভুলৰ বাবেই কৰুণ মৃত্যুক সাৱটি ল’লে এটা বন্যহস্তীয়ে৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰপৰা দক্ষিণে নগাঁও আৰু কাৰ্বি আংলং জিলাৰ হাৰমতিত সংঘটিত হৈছে এই কৰুণ ঘটনা৷ খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰপৰা ওলাই অহা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে হাৰমতিৰ হুছেইন আলি নামৰ লোকজনৰ খেতিৰ চাৰিওফালে লগাই থোৱা এডাল বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যুক সাৱটি লবলগীয়া হয়৷