অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ পহিলা ব’হাগৰ পুৱাই ঝাৰখণ্ডত সন্ত্ৰাস-বিৰোধী এক অভিযানত মাওবাদীৰ হাতত শ্বহীদ হোৱা ওদালগুৰি জিলাৰ কলাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পুঠিমাৰী গাঁৱৰ শ্বহীদ বিশ্বজিৎ চৌহানৰ শুকুৰবাৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায়।
শ্বহীদগৰাকীৰ নিজা বাসগৃহৰ সন্মুখতে আয়োজিত এই স্মৃতিচাৰণ সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দিনৰ প্ৰায় ১.১৫ বজাত সভাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে শ্বহীদ বিশ্বজিৎ চৌহানৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।