117
কাকপথাৰঃ বিগত কেইদিনত পাহাৰিয়া ৰাজ্য অৰুণাচলত বৃদ্ধি পোৱা মুখলধাৰ বৰষুণৰ বাবে অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল খৰশ্ৰুতা নদী ন-দিহিঙৰ জলপৃষ্ঠ।
ফেনে-ফুটুকাৰে ওফন্দি অহা ন-দিহিঙৰ বাঢ়নী পানীয়ে যোৱা ২ মে’ৰ বিযলি ছিঙি পোলাইছিল ডিৰাক-চুমনিৰ এটা ৰিং বান্ধ। ক্ৰমে বুৰিবলৈ ধৰে পুৰণি চুমনি গাঁও। হাহাকাৰ লাগিল চৌদিশ। প্ৰচাৰ হ’ল চুমনিত মথাউৰি ভাঙিলে। হয়, চুমনিত মথাউৰি ভাঙিলে।