49
দীপাংকৰ দাস, গোৰেশ্বৰঃ পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ। বাগসা জিলাৰ গোৰেশ্বৰ থানা অন্তৰ্গত সুৱাগপুৰ আৰক্ষী চকী এলেকাধীন ৩ নং সুৱাগপুৰত শনিবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড।
পত্নীয়ে ঘপিয়াই হত্যা কৰে স্বামী দুৰ্লভ কলিতা (২৮)ক। দুৰ্লভ কলিতা পেশাত এজন গাড়ীচালক। দুই সন্তানৰ মাতৃ জোনালী কলিতা (২৬)ই এই ঘটনা সংঘটিত কৰি কোলাত পানীকেঁচুৱা লৈ গোৰেশ্বৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰে।