চামগুৰিঃ শনিবাৰে নিশা নগাঁও-কাৰ্বিআংলং সীমান্তৰ্ৱতী পানীমূৰাত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ তিনি দুৰ্ধষ ডকাইতক মঙ্গলবাৰে চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্মই দাসৰ নেতৃত্বত চামগুৰি আৰক্ষীৰ এটা বিশেষ দলে ৰঙামাটিৰপৰা গ্ৰেপ্তাৰ কৰে ডকাইত কেইটাক।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতকেইটা ক্ৰমে ৰঙামাটিৰ কছাৰীবস্তিৰ ধৃত সাগৰ লোহাৰ, বিশ্বজিত তাঁতী আৰু বিকি গড়। আনহাতে, আৰক্ষীয়ে ডকাইতৰ দলটোৰপৰা তিনিটা হস্তনিৰ্মিত বন্দুক সহ লুট কৰা সা-সামগ্ৰী আৰু আংশিক ধনো জব্দ কৰিবলৈ সক্ষম হয়।