এন আৰ চি উন্নীতকৰণৰ নামত ধৰ্মীয় সংখ্যালঘূ ৰাইজক হাৰাশাস্তিৰ অভিযোগ

Home ৰাজ্যএন আৰ চি উন্নীতকৰণৰ নামত ধৰ্মীয় সংখ্যালঘূ ৰাইজক হাৰাশাস্তিৰ অভিযোগ

এন আৰ চি উন্নীতকৰণৰ নামত ধৰ্মীয় সংখ্যালঘূ ৰাইজক হাৰাশাস্তিৰ অভিযোগ

by News Desk
74 views
A+A-
Reset

তামুলপুৰঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ দাবী আৰু আপত্তি নিস্পত্তি কৰণ পৰ্যায়ত একাংশ দল, সংগঠনে ষড়যন্ত্ৰমূলক ভাৱে ধৰ্মীয় সংখ্যালঘু ৰাইজক শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তামুলপুৰ জিলা এ বি এমছুৱে। এক প্ৰেছ বিবৃতি যোগে তামুলপুৰ জিলা এ বি এমছুৱে এই সন্দৰ্ভত কয় যে অসমত এখন শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱাত বাধা দিয়াৰ উদ্দেশ্যে বিভিন্ন ভিত্তিহীন আৰু মনেসজা আপত্তি দাখিল কৰা পৰিলক্ষিত হৈছে।

সমগ্ৰ অসমৰৰ লগতে বিশেষকৈ তামুলপুৰ মহকুমাত অৱসৰপ্ৰাপ্ত শিক্ষক, বিভিন্নজন সমাজৰ নেতৃস্থানীয় ব্যক্তিৰ বিৰুদ্ধে একাংশ আছু কৰ্মীয়ে ভিত্তিহীনভাৱে আপত্তি দাখিল কৰিছে। বহুক্ষেত্ৰত এনে আপত্তিৰ শুনানি কালত আপত্তিকাৰী আছু কৰ্মীজন উপস্থিত নথকাত প্ৰকৃত সত্য পোহৰলৈ আহিছে।সেয়েহে তামুলপুৰ জিলা এ বি এমছুৱে বাক্সা জিলা আছুক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে। যদি সঁচাকৈয়ে এন আৰ চিৰ চূড়ান্ত খচৰাত বিদেশীৰ নাম অন্তৰ্ভূক্ত হৈছে তেন্তে সেয়া  তথ্য সহ প্ৰমাণ কৰি তেনে বিদেশীৰ নাম তামুলপুৰ জিলা এ বি এমছুৱেও বিচাৰিছে। কিন্তু একমাত্ৰ নাম আৰু উপাধিৰ বাবেই সন্দেহৰ ভিত্তিত প্ৰকৃত ভাৰতীয় নাগৰিকক কৰা হাৰাশাস্তি কেতিয়াও মানি লোৱা নহ’ব। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0