জয়ন্ত মুদৈ, নগাঁওঃ সম্প্ৰতি ৰাজ্যখনত চলি থকা এনআৰচিৰ আপত্তি আবেদনৰ শুনানিৰ গইনা লৈ নগাঁও জিলাত প্ৰকৃত ভাৰতীয় নাগৰিকৰ নামত জধে-মধে দাখিল কৰা আপত্তি আবেদনক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
আনকি এনে আবেদনক কেন্দ্ৰ কৰি জিলাখনত পোহৰলৈ আহিছে নিতৌ ৰহস্যজনক ন ন তথ্য৷ মূলতঃ এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ নামত দাখিল কৰা এনে হাজাৰ হাজাৰ আপত্তি আবেদনক লৈ এনআৰচিৰ ৰাজ্যিক মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ ভূমিকাক লৈও তীব্ৰ ক্ষোভ উজাৰিছে ভুক্তভোগী নাগৰিকে৷